নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মা কামাখ্যাৰ আশীৰ্বাদ লৈ শপতগ্ৰহণৰ বাবে সাজু ড০ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক, ১২ মে' : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে শপতগ্ৰহণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে শক্তিপীঠ মা কামাখ্যা…

ড০ শর্মাৰ লগত আজি শপত ল’ব আন চাৰি জ্যেষ্ঠ নেতাই

ডিজিটেল ডেস্ক, ১২ মে’ : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰা খেলপথাৰত মহা আড়ম্বৰেৰে আয়োজন কৰা অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব…

সম্পাদকীয় : মুখ্যমন্ত্রী ড০ শর্মাৰ দ্বিতীয় ইনিংছ

অসমবাসীৰ ঐতিহাসিক জনাদেশ শিৰোধার্য কৰি আজি পুনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হ’ব ড০ হিমন্ত বিশ্ব শর্মা৷ ২০১৬ৰ বিধানসভা নির্বাচনত ৬০খন আসনত জয়লাভ কৰি প্রথমবাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন এনডিএই একেৰাহে তৃতীয় কার্যকালৰ…

দেশক সাক্ষী কৰি আজি শপত ল’ব ড০ হিমন্ত বিশ্ব শর্মাই

ডিজিটেল ডেস্ক, ১২ মে’ : ২৬ বছৰীয়া দীঘলীয়া ৰাজনৈতিক পৰিক্রমাক আগুৱাই নি আজি দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শর্মাই৷ ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলা ড০ শর্মাই…

১২ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ মে’, ব’হাগ মাহৰ ২৮ তাৰিখ, মঙলবাৰ মেষ : মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২–৫ বজাৰৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৫৷ বৃষ :…

গৰৈমাৰীত কলহী নৈত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত, দলং নিৰ্মাণৰ দাবী

নিয়মীয়া বাৰ্তা, সোণতলী, ১১ মে’ : কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ খাৰিদল অঞ্চলত কলহী নৈৰ ওপৰত এখন স্থায়ী দলং নথকাৰ বাবে প্ৰতিদিনেই শ শ গঞা ৰাইজে মৰণত শৰণ দি নৈ পাৰাপাৰ হ’বলগীয়া হৈছে। নাৱৰীয়া অবিহনে টুলুঙা নাৱেৰে…

চৰাইদেউৰ ভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি, ধ্বংসস্তূপত পৰিণত বিদ্যালয়

নিয়মীয়া বাৰ্তা, চৰাইদেউ, ১১ মে’ : যোৱানিশা অহা এজাক প্ৰবল ধুমুহা-বৰষুণে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ৷ জিলাখনৰ চফ্ৰাই, মাইবেলা, মথুৰাপুৰ আদিৰ বিভিন্ন অঞ্চলত ধুমুহা-বৰষুণজাকে ব্যাপক ক্ষতি কৰে৷ নিশা আচম্বিতে অহা বিধ্বংসী…

পশ্চিমবংগত শুভেন্দু অধিকাৰীয়ে প্ৰথম কেবিনেট বৈঠকতে ললে ৬টা ডাঙৰ সিদ্ধান্ত

শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকতে গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত। বৈঠকত সীমান্ত সুৰক্ষা, স্বাস্থ্য, নিয়োগ আৰু জনকল্যাণমূলক আঁচনি সন্দৰ্ভত ৬টা…

ভব্য আয়োজনেৰে কাইলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ, অতিথিৰ তালিকাত কোন কোন ?

ডিজিটেল ডেস্ক, ১১ মে' : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাইলৈ (১২ মে’) গুৱাহাটীত শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। বৃহৎ আয়োজনেৰে এই শপতগ্ৰহণ অনুষ্ঠান কাইলৈ পুৱা ১১:৪০ বজাৰ…

ৰূপহীহাটত গ্ৰেপ্তাৰ ৪ জুৱাৰী, নগদ ধন-ম’বাইল ফোন জব্দ

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ১১ মে' : ৰূপহীহাটত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱানিশা আমবাগান আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আমবাগান বজাৰত জুৱাৰীৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ অভিযানত ৪জন জুৱাৰীক গ্ৰেপ্তাৰৰ লগতে জুৱা…