নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ বান্ধৱীৰ বৰ্ণময় জীৱন কাহিনী, কেনেকৈ দুয়োৰে চিনাকী

বিশেষ বাৰ্তা, ৪ মেঃ মঙলবাৰে পুৱাৰ পৰা ৰাহুল গান্ধীৰ ভিডিঅ’ক লৈ বিজেপিয়ে ‘নাইট ক্লাবত ফূর্তি’ বুলি হাহাকাৰ কৰিলেও পাছত স্পষ্ট হয় আচল কথা। জনা যায়, নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ মেৰিয়ট হোটেলত বান্ধৱী সুমনিমা উদাসৰ বিয়াৰ এক পাৰ্টীলৈ গৈছিল কংগ্রেছৰ প্রাক্তন সভাপতি। সুমনিমাৰ দেউতাকে কৈছে যে- মঙলবাৰৰ বিয়াৰ বাবে তেওঁলোকৰ পৰিয়ালে ৰাহুল গান্ধীক নিমন্ত্ৰণ জনাইছিল। কিন্তু কোন এইগৰাকী সুমনিমা উদাস? ৰাহুলৰ সৈতে কেনেকৈ পৰিচয়?

সুমনিমা আছিল চিএনএন-ৰ সাংবাদিক। দিল্লীৰ কৰেছপণ্ডেন্ট হিচাপে ডেৰ দশকৰ বেছি সময় ধৰি কাম কৰিছিল তেওঁ। দিল্লী গণধর্ষণৰ ৰিপ’ৰ্টিঙৰ পৰা চতুৰ্দশ লোকসভা নিৰ্বাচন- সকলোবোৰ চিএনএনৰ প্রতিনিধি হিচাপে কভাৰ কৰিছিল এইগৰাকী নেপালী তৰুণীয়ে। সেই সময়ৰ পৰাই ৰাহুল গান্ধীৰ সৈতে কথা-বতৰা হৈছিল। পাছলৈ লাহে লাহে বন্ধুত্বৰ পর্যায় পায়গৈ এই চিনাকীয়ে। আৰু গান্ধী পৰিয়ালৰ যুৱৰাজৰ সৈতে বন্ধুত্ব আজিও একে থাকে।

সুমনিমাৰ দেউতাক ভীম উদাস নেপালৰ অৱসৰপ্রাপ্ত কূটনীতিক। তেখেত নেপালৰ ৰাষ্ট্ৰদূত হিচাপে ম্যানমাৰত আছিল। শৈশৱটো অন্ততঃ দহখন দেশত কটাইছে সুমনিমাই। গতিকে স্বাভাৱিকতে আন্তর্জাতিক ৰাজনীতি, এখন দেশৰ সৈতে অন্য দেশৰ সম্পর্ক ইত্যাদিক লৈ তেওঁৰ সম্যক ধাৰণা শৈশৱৰে পৰা আছিল। পাছত সেয়াই কামত লগায়।

সাংবাদিকতাৰ ক্ষেত্ৰখনত একাধিক পুৰষ্কাৰ পাইছে সুমনিমাই। চতুৰ্দশ লোকসভা নিৰ্বাচনৰ কভাৰেজৰ পাছত চিএনএন-ৰ মহিলা সাৱলীকৰণ বিভাগত বছৰৰ শ্ৰেষ্ঠ সাংবাদিক নির্বাচিত হৈছিল সুমনিয়াম। তাৰে ঠিক দুবছৰ আগতে স্পর্শকাতৰ সাংবাদিকতাৰ বাবে চিনে গোল্ডেন ঈগল সম্মানেৰে স্বীকৃত হৈছিল সুমনিমা উদাস। তেওঁ লী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাৰ ডিগ্ৰী লৈছিল। পাছত অক্সফৰ্ডৰ পৰা স্নাতোকত্তৰ ডিগ্ৰীও লয়। বৰ্তমান তেওঁ সাংবাদিকতাৰ পৰা আঁতৰত। লুম্বিনি মিউজিয়ামৰ এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে সুমনিমাই। তথাপিও ৰাহুলৰ সৈতে বন্ধুত্ব অটুট ৰৈছে তেওঁলোকৰ। যি কাৰণে বান্ধবীৰ বিয়াৰ আগদিনা পার্টীত যোগ দিছিল ৰাহুল গান্ধীয়ে।

You might also like