নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতিৰিক্ত ছ’ডিয়ামে বছৰি প্রাণ কাঢ়ে ১৮ লাখ লোকৰ

নিয়মীয়া বাৰ্তা, ১১ মার্চ: ছ’ডিয়াম সাধাৰণ লৱণত থকা উপাদান৷ অন্যান্য বহু খাদ্যতো থাকে ছ’ডিয়াম৷ এই ছ’ডিয়ামৰ মাত্রাৰ তাৰতম্যই মাৰাত্মক প্রভাৱ পেলাব পাৰে শৰীৰত৷ বহু অস্বাস্থ্যকৰ খাদ্যত থকা ছ’ডিয়ামে মৃত্যু মাতি আনিছে লাখ লাখ মানুহৰ৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই অতিৰিক্ত ছ’ডিয়ামে শৰীৰত পেলাব পৰা মাৰাত্মক প্রভাৱৰ বিষয়ে সতর্কবাণী কৰিছে৷ ২০২৫ চনৰ ভিতৰত অতিৰিক্ত ছ’ডিয়াম গ্রহণৰ প্রৱণতা ৩০ শতাংশ পর্যন্ত হ্রাস কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ প্রয়োজনতকৈ অধিক ছ’ডিয়াম শৰীৰত প্রৱেশ কৰা মানেই হূদৰোগ, ষ্ট্রোক তথা অকাল মৃত্যু৷

লক্ষণীয়ভাৱে সমগ্র বিশ্বত প্রতিজন মানুহে দৈনিক গড়ে ১০.৮ গ্রাম ছ’ডিয়াম গ্রহণ কৰে৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া মাত্রা অনুসৰি একোজন মানুহে দৈনিক গড়ে ৫ গ্রামতকৈও কম ছ’ডিয়াম গ্রহণ কৰিব লাগে৷ ৯খন দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ এই নির্দেশ পালন কৰিছে৷ সেই দেশকেইখন হৈছে– ব্রাজিল, মেক্সিকো, চিলি, লিথুৱানিয়া, মালয়েছিয়া, ছৌদি আৰব, উৰুগুৱে, ছেক গণৰাজ্য আৰু স্পেইন৷ বাকী অন্য দেশবোৰৰ জনসাধাৰণে অত্যধিক মাত্রাত ছ’ডিয়াম গ্রহণ কৰে৷ ইয়াৰ ফলত প্রতিবছৰে বিশ্বত হূদৰোগ আৰু ষ্ট্রোকত প্রাণ হেৰুৱাবলগীয়া হৈছে প্রায় ১৮ লাখ লোকে৷ গতিকে আগন্তুক ২০২৫ৰ ভিতৰত ছ’ডিয়াম গ্রহণৰ প্রৱণতা ৩০ শতাংশ হ্রাসৰ লক্ষ্য নির্ধাৰণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷

You might also like