নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (২৯ অক্টোবৰ)

আজিৰ বুধবাৰ, ২৯ অক্টোবৰ। আজি চন্দ্ৰ মকৰ ৰাশিত গমন কৰিছে, লগতে চন্দ্ৰ উত্তৰাষাঢ়া নক্ষত্ৰত সংচাৰণ কৰিব। আজিৰ দিনটোত চন্দ্ৰ আৰু ব্ৰিহস্পতিয়ে কেন্দ্ৰ যোগত অৱস্থান কৰি গজকেশৰি যোগ গঠন কৰিছে। লগতে চন্দ্ৰ আৰু সূৰ্যেও কেন্দ্ৰ যোগত অৱস্থিত হোৱাৰ…

কৰিমগঞ্জত বাংলাদেশৰ জাতীয় সংগীতেৰে সভা আৰম্ভ কংগ্ৰেছৰ…

শ্রীভূমি জিলা (কৰিমগঞ্জ)ত এক আজব ঘটনা সংঘটিত কৰিলে কংগ্ৰেছে। শ্রীভূমি জিলাৰ ইন্দিৰা ভৱনত বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ হ'ল কংগ্ৰেছৰ সভা। কংগ্ৰেছীৰ এই বাংলাদেশপ্ৰেমক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে কৰিমগঞ্জ জিলাৰ…

জনপ্ৰিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ অকাল বিয়োগ

নগাঁও তথা অসমৰ এগৰাকী  সুপৰিচিত তথা জনপ্ৰিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ আজি পুৱা মৃত্যু হয়। জনপ্ৰিয় শিল্পী গৰাকী নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ নগাঁও চহৰৰ ব্যক্তিগত এখন চিকিৎসালয়ত দুদিন ধৰি চিকিৎসাধীন হৈ আছিল। আজি পুৱাৰ ভাগত শিল্পী…

নামৰ পিছত অসম উপাধি লগাই তাণ্ডৱ চলাইছে বীৰ লাচিত সেনাই : সৰৱ মুখ্যমন্ত্ৰী

বীৰ লাচিত সেনাৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে ধনদাবী আৰু অপহৰণৰ অভিযোগত কালি আটক কৰা হৈছিল বীৰ লাচিত সেনাৰ ৫ সদস্যক। আটক কৰা বীৰ লাচিত সেনাৰ উক্ত সদস্যৰ পৰা বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী…

ধুবুৰীত ষট্ পূজাক লৈ উখল-মাখল পৰিৱেশ

ষট্ পূজা উপলক্ষে আজি পুৱতি নিশাৰ পৰা ধুবুৰীৰ বিভিন্ন পাৰঘাট লোকে-লোকাৰণ্য হৈ পৰে। উল্লেখ্য যে, এইবাৰ চহৰখনৰ কাষেৰে বৈ যোৱা বৰলুইত আৰু গদাধৰ নৈৰ মুঠ ৮টাকৈ পূৰ্বনিৰ্ধাৰিত পাৰঘাটত ষট্ পূজা অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰে এইবাৰো ধুবুৰী প্ৰশাসন…

চি আই ডি কাৰ্যালয়ত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী…

আজি বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰী উপস্থিত হয় চি আই ডি কাৰ্যালয়ত। সোমবাৰে ফোনযোগে বিশিষ্ট সাহিত্যিকগৰাকীক তলব কৰিছিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত চলাই থকা এছ আই টিয়ে । সেই অনুসৰি আজি প্ৰায় ১১ বজাত চি আই ডি কাৰ্যালয়ত হাজিৰ…

টীম ইণ্ডিয়াৰে টেষ্ট শৃংখলা : দক্ষিণ আফ্রিকাৰ দল ঘোষণা

পুনৰ দললৈ প্রত্যাৱর্তন ঘটিল টেম্বা বাভুমাৰ৷ ঘৰুৱা দল টীম ইণ্ডিয়াৰ বিপক্ষে খেলিবলগীয়া আসন্ন দুখন টেষ্ট মেচৰ শৃংখলাটোৰ বাবে দক্ষিণ আফ্রিকাৰ ১৫জনীয়া দলটো ঘোষণা কৰিছে দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে৷ ঘোষিত দলটোৰ অধিনায়ক হিচাপে পুনৰ দায়িত্ব লৈ…

ঊৰ্ধ্বমুখী বায়ু প্ৰদূষণ : দিল্লীত BS-6 বাহনৰহে প্ৰৱেশৰ অনুমতি

বায়ু প্ৰদূষণৰ বৰ্ধিত মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী চৰকাৰে এক গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত চৰকাৰে ঘোষণা কৰিছে যে ১ নৱেম্বৰ ২০২৫ৰ পৰা দিল্লীৰ সীমান্তত কেৱল BS-6 মানদণ্ডৰ বাণিজ্যিক বাহনহে প্ৰৱেশৰ অনুমতি পাব।…

জয়পুৰত চলন্ত বাছত অগ্নিকাণ্ড, মৃত্যু ২জনৰ, আহত ১২ শ্ৰমিক

পুনৰ এবাৰ জয়পুৰত সংঘটিত হ’ল ভয়ংকৰ বাছ দুৰ্ঘটনা। মজদুৰক লৈ যোৱা এখন বাছত হঠাতে জুই লাগে। উচ্চ ভল্টেজৰ বিদ্যুৎ তাঁৰত লগাৰ ফলতেই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত দুজনৰ মৃত্যু হোৱাৰ লগতে ১২জন মজদুৰ ভয়ংকৰভাৱে অগ্নিদগ্ধ হৈছে। এই ঘটনা জয়পুৰ চহৰৰ…

মুস্তাফাবাদৰ নতুন নামকৰণ কবীৰ ধাম, মুখ্যমন্ত্ৰী আদিত্যনাথ-ৰ ঘোষণা

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ-এ ঘোষণা কৰে যে লখিমপুৰ খেৰী জিলাৰ মুস্তাফাবাদৰ নাম এতিয়া ‘কবীৰ ধাম’ হিচাপে নামকৰণ কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে দেশৰ গৌৰৱ আৰু সাংস্কৃতিক পৰিচয় পুনৰুদ্ধাৰৰ লক্ষ্য আগবঢ়াই লৈ গৈছে বুলি তেওঁ…